জন্মঃ ১৯২৮ চনৰ ৭ মে, শিৱসাগৰ কুঁজিবালিৰ গড়ৰকোষ গোহাঁই গাঁও।
মৃত্যুঃ ২০১১ চনৰ ১৭ মে, যোৰহাটৰ গোহাঁই টেকেলা গাঁও, চিত্ৰকূট বন।
পিতৃ-মাতৃঃ ধৰ্মকান্ত মহন্ত আৰু জীৱকান্তি মহন্ত।
সত্ৰীয়া পৰম্পৰাঃ
মহাপুৰুষ শঙ্কৰদেৱৰ বিশিষ্ট শিষ্য সত্যনন্দ বৰভকত বা পেনপেনী কায়স্থৰ বৰপুত্র জয়কৃষ্ণদেৱৰ ঠালত বঢ়া খুন্দামৰা সত্ৰৰ। মহন্তৰ আঢ়ৈ বছৰ বয়সতে পিতৃবিয়োগ ঘটাত ককাক ৰবিকান্তদেৱে তেখেতৰ পিতৃ আৰু ধর্মগুৰুৰ দায়িত্ব পালন কৰিছিল।
শিক্ষা আৰু চাকৰি জীৱনঃ
১৯৪৮ চনত যোৰহাট নর্মাল স্কুলৰ পৰা নর্মাল প্রশিক্ষণ পৰীক্ষাত উত্তীৰ্ণ হৈ মহন্তই বিভিন্ন ঠাইৰ স্কুলত শিক্ষকতা কৰে।
১৯৫৩ চনত আগ্রাৰ অখিল ভাৰতীয় হিন্দী মহাবিদ্যালয়ৰ পৰা হিন্দী পাৰঙ্গত আৰু শিক্ষণকলা ‘প্ৰৱীণ’ পৰীক্ষাত উত্তীৰ্ণ হৈ আহি ‘অসম ৰাষ্ট্রভাষা প্রচাৰ সমিতি’ৰ উজনি অসমৰ মুখ্য প্ৰচাৰক ৰূপে কার্যভাৰ গ্ৰহণ কৰে।
১৯৫৬ চনৰপৰা পুনৰ শিক্ষকতা কৰিবলৈ ঘূৰি আহে। বালিগাঁও জগন্নাথ বৰুৱা আর্য বিদ্যালয় আৰু চৰাইবাহী হাইস্কুলত শিক্ষকতা।
১৯৫৮ চনৰপৰা যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে।
১৯৮৫ চনৰ মাৰ্চ মাহত অৱসৰ গ্ৰহণ কৰে।
বাপচন্দ্ৰ মহন্তৰ সামাজিক স্বীকৃতিসমূহ
১। ‘কেন্দ্ৰীয় চৰকাৰৰ হিন্দী নিদেশালয়’ৰ পৰা ‘অসম কে বৰগীত’ গ্ৰন্থৰ বাবে ‘অহিন্দীভাষী হিন্দী লেখক পুৰস্কাৰ’ (১৯৮৯) লাভ।
২। ১৯৮৯ চনৰ পৰা অসম চৰকাৰৰ পৰা সাহিত্যিক পেন্সন লাভ।
৩। ‘আন্তঃৰাষ্ট্ৰীয় কলা-সংস্কৃতি পৰিষদ’ৰ, (উত্তৰ প্ৰদেশ, নজিবাদ) পৰা ‘কুসুম কুমাৰী পুৰস্কাৰ’ (১৯৯৪) লাভ।
৪। অসম সাহিত্য সভা, ১৯৯৪, মৰিগাঁও অধিৱেশনত সম্বৰ্ধনা জ্ঞাপন।
৫। ‘পটভূমি সহিত শঙ্কৰদেৱৰ দৰ্শন’ গ্ৰন্থৰ বাবে গুৱাহাটীৰ ‘জগদ্ধাত্ৰী-হৰমোহন দাস সাহিত্য বঁটা’ লাভ, (১৯৯৬)।
৬। ‘অসম শৈক্ষিক কেন্দ্ৰ’ৰ (যোৰহাট) পৰা ‘শিক্ষকৰত্ন’ উপাধি লাভ ১৯৯৬ চন।
৭। অসম সাহিত্য সভাৰ পৰা ‘অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা’ (১৯৯৭) ‘পটভূমিসহিত শঙ্কৰদেৱৰ দৰ্শন’ গ্ৰন্থৰ বাবে।
৮। ‘কেন্দ্ৰীয় হিন্দী সংস্থান’ আগ্ৰাৰ পৰা সমস্ত সাহিত্যকৰ্মৰ বাবে ‘গঙ্গাশৰণ সিংহ পুৰস্কাৰ’ (১৯৯৭)।
৯। ‘উত্তৰ প্ৰদেশ হিন্দী সংস্থান’ৰ (লক্ষ্নৌ, ১৯৯৭) পৰা ‘সৌহাৰ্দ পুৰস্কাৰ’।
১০।শঙ্কৰদেৱ সম্পৰ্কীয় সমস্ত গ্ৰন্থৰ বাবে ‘চন্দ্ৰকান্ত-হীৰাপ্ৰভা সোঁৱৰণী বঁটা’ (তিতাবৰত ১৯৯৮)।
১১। Lions Club of Jorhat Greater-ৰ দ্বাৰা ১৯৯৮ চনৰ ৫ মে’ত সম্বৰ্ধনা।
১২। শঙ্কৰদেৱ সম্পৰ্কীয় সমস্ত সাহিত্য কৰ্মৰ বাবে ‘অসম সত্ৰ মহাসভা’ৰ পৰা ‘সাহিত্য শিৰোমণি’ উপাধি লাভ, ২০০৩।
১৩। শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ ‘শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা’, ২০০৭।
১৪। ‘অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতি’ৰ সমাৱৰ্তন অনুষ্ঠানত ‘ৰাষ্ট্ৰভাষা-গৌৰৱ’ উপাধি প্ৰদান, ২০০৮।
১৫। বিশ্বভাৰতী (শান্তিনিকেতন)ৰ পৰা ‘অহিন্দীভাষী হিন্দী লেখক পুৰস্কাৰ’ ২০০২।
১৬। ‘জেউতি বঁটা’, ২০১০, ‘জেউতি’, যোৰহাট।
১৭। অসম সাহিতত্য সভাৰ ‘সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটা’ ২০১১।
১৮। বৈষ্ণৱ সাহিত্যৰ গৱেষণামূলক কৰ্মৰ বাবে (মৰণোত্তৰভাৱে) ‘অসম প্ৰকাশন পৰিষদ বঁটা’ (২০১২)।