অসমীয়া ৰামায়ণী সাহিত্যঃ কথাবস্তুৰ আঁতিগুৰি
কেশদা মহন্ত

সাহিত্য অকাদেমি বঁটাৰে সন্মানিত এই গ্ৰন্থখনত প্ৰাকশংকৰী যুগৰ পৰা আৰম্ভ কৰি প্ৰাক বৃটিছ কাললৈকে পুৰণি অসমীয়া সাহিত্যৰ অন্তৰ্ভুক্ত সকলো ৰামায়ণমূলক ৰচনা, লোকসাহিত্যকো সামৰি আলোচনা আগবঢ়াইছে। গ্ৰন্থখনৰ প্ৰথম অধ্যায়ত বৈদিক সাহিত্যত ৰামকথাৰ প্ৰসংগ, দ্বিতীয় অধ্যায়ত মাধৱ কন্দলিৰ ৰামায়ণত বৈষ্ণৱ উপাদান, তৃতীয় অধ্যায়ত মাধৱদেৱৰ আদিকাণ্ড, চতুৰ্থ অধ্যায়ত মাধৱ কন্দলিৰ ৰামায়ণৰ কাণ্ডসমূহৰ বিশ্লেষণ, পঞ্চম অধ্যায়ত শংকৰদেৱৰ উত্তৰা কাণ্ড, ষষ্ঠ অধ্যায়ত আহোম ৰাজ্যত ৰামকথা আৰু সপ্তম অধ্যায়ত অসমীয়া লোকসাহিত্যত ৰামকথা সম্পৰ্কীয় আলোচনা সন্নিৱিষ্ট হৈছে।