বাপচন্দ্ৰ মহন্ত-কেশদা মহন্তৰ জীৱন আৰু সাহিত্য জগতলৈ আপোনাক স্বাগতম

অসমীয়া মহাপুৰুষীয়া সাহিত্য, ৰামায়ণী সাহিত্যৰ সাৰস্বত ক্ষেত্ৰখনলৈ বাপচন্দ্ৰ মহন্ত আৰু কেশদা মহন্তৰ অন্যতম অৱদান লক্ষ্য কৰা যায়। দুয়োগৰাকীয়েই এক সুকীয়া দৃষ্টিভংগীৰে অসমীয়া ৰামায়ণী, মহাপুৰুষীয়া সাহিত্যক সমৃদ্ধ কৰিছে। সৰ্বোপৰি বাপচন্দ্ৰ মহন্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত শংকৰদেৱৰ ধৰ্ম আৰু দৰ্শনক প্ৰতিষ্ঠা কৰিছে। এই দুয়োগৰাকীৰ চিন্তা আৰু আদৰ্শৰ দৃষ্টিভংগীক বৌদ্ধিক জগতৰ দৃষ্টিগোচৰ কৰিবলৈ এই ক্ষেত্ৰখনৰ যোগেদি প্ৰয়াস কৰা হৈছে।

অহা ১ ডিচেম্বৰ ২০১৮ শনিবাৰে “বাপচন্দ্ৰ মহন্ত-কেশদা মহন্ত ন্যাসে” শংকৰদেৱৰ ধৰ্ম, দৰ্শন, সাহিত্য-সংস্কৃতি আদিৰ একনিষ্ঠ গৱেষক, বিশিষ্ট লেখক বাপচন্দ্ৰ মহন্তৰ স্মৃতিত পঞ্চম বক্তৃতাৰ আয়োজন কৰিছে। সৌৰ সংস্কৃতিৰ প্ৰেক্ষিতত শংকৰদেৱৰ ধৰ্ম আৰু দৰ্শন— এই বিষয়ৰ বক্তৃতা প্ৰদান কৰিব বিশিষ্ট গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ অমলেন্দু চক্ৰৱৰ্তীয়ে। বক্তৃতানুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট লেখক ড৹ গিৰিশ বৰুৱাই। সভাৰ স্থান: যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহ, সময়:- দিনৰ ১-৩০ বজাৰপৰা

গ্ৰন্থ-পঞ্জী

গোস্বামী তুলসীদাস আৰু ৰামচৰিতমানস

গোস্বামী তুলসীদাস আৰু ৰামচৰিতমানস বাপচন্দ্ৰ মহন্ত

বিচিত্ৰ ৰামায়ণী কথা

বিচিত্ৰ ৰামায়ণী কথা কেশদা মহন্ত ৰামায়ণী

অসমীয়া ৰামায়ণী সাহিত্যঃ কথাবস্তুৰ আঁতিগুৰি

অসমীয়া ৰামায়ণী সাহিত্যঃ কথাবস্তুৰ আঁতিগুৰি কেশদা

গ্ৰন্থ-সমগ্ৰ